Zubeen Garg Bhulotu Nasaba Tumi Lyrics

ভুলতো নাচাবা তুমি
নামাৰিবা মিঠা হাঁহি

ভুলতো নাচাবা তুমি
নামাৰিবা মিঠা হাঁহি
নালাগে তোমাৰ মৰমকে
নালাগে তোমাৰ প্ৰেৰণাকে
থাকিম অকলে অকলে
পাৰিম জীৱন সজাবলে
ভুলতো নাচাবা তুমি
নামাৰিবা মিঠা হাঁহি

তুমি চালেই মোৰ ভাল লাগিছিল
তুমি হাঁহিলেই প্ৰাণ ভৰিছিল

তুমি চালেই মোৰ ভাল লাগিছিল
তুমি হাঁহিলেই প্ৰাণ ভৰিছিল
এতিয়া নালাগে তেনে মিঠা হাঁহি
দেখিলেই জানা বুকু যায় ফাটি
নেলাগে আহিব ওভতি
আনৰ মৰমকে নেওচি
ভুলতো নাচাবা তুমি
নামাৰিবা মিঠা হাঁহি

সিদিনা আছিলা হিয়াৰ লগৰি
মৰম দিছিলা বুকু উজাৰি

সিদিনা আছিলা হিয়াৰ লগৰি
মৰম দিছিলা বুকু উজাৰি
নুবুজিলো কিয় গলা আঁতৰি
চিঙি মোহাৰি মোৰ
আশাৰ পাপৰি
নেলাগে আহিব ওভতি
আনৰ মৰমকে নেওচি

ভুলতো নাচাবা তুমি
নামাৰিবা মিঠা হাঁহি
ভুলতো নাচাবা তুমি
নামাৰিবা মিঠা হাঁহি
নালাগে তোমাৰ মৰমকে
নালাগে তোমাৰ প্ৰেৰণাকে
থাকিম অকলে অকলে
পাৰিম জীৱন সজাবলে

ভুলতো নাচাবা তুমি
নামাৰিবা মিঠা হাঁহি

Related Posts

There is no other posts in this category.