গলি গলি শেষ হোৱা মোৰ চকুৰ পানী
যদি চাব খোজা
তুমি চাব পাৰা || 2x
কিদৰে আছোঁ যে ৰৈ
নোপোৱা বেদনাকে লৈ
জ্বলি জ্বলি ছাই হোৱা মোৰ বুকুখনি
গলি গলি শেষ হোৱা মোৰ চকুৰ পানী
নাই যে সময় আজি
উলটি অহাৰ
নাই যে সময় চাগে
উভতি চোৱাৰ।। 2x
নেলাগে আহিব কাষলে তুমি
নেলাগে লব মোক সাৱটি আজি
নেলাগে দিব মোক চকুলো মচি
নেলাগে দিব মোক চকুলো মচি
জ্বলি জ্বলি ছাই হোৱা মোৰ বুকুখনি
গলি গলি শেষ হোৱা মোৰ চকুৰ পানী
শুকান শুকান আজি
প্ৰতিটো কথা
নীৰৱ নিৰাশ আজি
প্ৰতিটো আশা || 2x
এবাৰো নুবুজিলা দুখৰে ভাষা
জোনাকত নাচিচে আউসী নিশা
জ্বলিব দিয়া মোক নিজৰে মাজত
নেলাগে আহিব তুমি থাকাগৈ দূৰত
জ্বলি জ্বলি ছাই হোৱা মোৰ বুকুখনি
গলি গলি শেষ হোৱা মোৰ চকুৰ পানী