Zubeen Garg Jontro Lyrics

ৰাতিপুৱা সুই উঠি
যাবৰে যে হয় স্কুললৈ
গধুৰ গধুৰ পঢ়াৰ বোজা
কঢ়িয়াওতে যায় দিন দুৰলৈ
স্কুলৰ শেষত টিউচন কৰি
ঘুৰি আহি একো নাপাও বিছাৰি
হোমৱৰ্ক কৰি ভাগৰি
বিচনাৰ কোলাকেই লও সামৰি
আমি যেন যন্ত্ৰ
যন্ত্ৰ
একো একোটা যন্ত্ৰ
যন্ত্ৰ
আমি আমি যেন যন্ত্ৰ
যন্ত্ৰ
একো একোটা যন্ত্ৰ
যন্ত্ৰ

ৰাতিপুৱা সুই উঠি
চাহত সোহা মাৰি, পেপাৰ পঢ়ি
একেই খবৰ একেই চবি
একেই মৰা মৰি, ঠগা ঠগি
ন বজাত গা ধুই উঠি
পেট পুজা কৰি কাপোৰ পিন্ধি
অফিচ কৰি, দিনটো খাতি
আবেলি ঘুৰি আহো চুচৰি
আমি যেন যন্ত্ৰ...

ৰাতিপুৱা সুই উঠি
বাগানত মৰ্ণিং ৱক, হাতত কফি
এ চি গাড়ী, বিজনেচ কৰি
দুটামান চহি মাৰি হও চহকি
হয় গধুলি ক্লাবৰ সময়
হাতত হ্ৱিস্কি কাষত লোকৰ ঘৈণি
ৰঙা নীলা ৰঙৰ পোহৰ
ধলং পলং হৈ ঘৰ উভতি
আমি যেন যন্ত্ৰ...

ৰতিপুৱা সুই উঠি
হাত ধৰা ধৰি বুঢ়া বুঢ়ি
মাতিবলে কাৰো সময় নাই
চাহ টুপিলৈ থাকো আশা পালি
বুঢ়া বুঢ়িৰ বুজাবুজি
জীৱন যোৰা মৰম থাকো সাবতি
মায়া এৰি মোহ এৰি
এৰি অহা দিনৰ স্মৄতি সোৱৰি
আমি যেন যন্ত্ৰ

Related Posts

There is no other posts in this category.