Zubeen Garg Moi Nothokar Anubhob Lyrics

মই নথকাৰ অনুভৱ
যিদিনা হ'ব তোমাৰ
সিদিনা অশ্ৰু নিগৰিবনে কোৱা

মই নথকাৰ অনুভৱ
যিদিনা হ'ব তোমাৰ
সিদিনা অশ্ৰু নিগৰিবনে কোৱা
মোৰ কবিতাৰ চন্দ গানৰ সুৰ
বুজিবা তুমি সেইদিনা
যিদিনা মই নাথাকিম জানা
তোমাৰ প্ৰিয় গীত গাবলে
যিদিনা মই নাথাকিম জানা
তোমাৰ প্ৰিয় গীত গাবলে

মই নথকাৰ অনুভৱ
যিদিনা হ'ব তোমাৰ
সিদিনা অশ্ৰু নিগৰিবনে কোৱা

যদি কেতিয়াবা
পৰিলে মনত মোৰ
আবেলি নদীৰ পাৰত,
আকাশৰ তৰাৰ মাজত
আৰু বিচাৰি পাবা তোমাৰ বুকুৰ মাজত
প্ৰতিলিপি ডায়েৰীৰ পাতত
তোমাৰ উশাহৰ গহনত

মই নথকাৰ অনুভৱ
যিদিনা হ'ব তোমাৰ
সিদিনা অশ্ৰু নিগৰিবনে কোৱা

আকৌ পোহৰ বেলি যদি
পশ্চিমত ডুবিব লয়
জোনৰ সাৰথি তৰা হয়
সেই লক্ষ কোটি তৰাক
সুধিলে তুমি
মোৰ বতৰা দিব তোমাক বিৱৰি
সেই লক্ষ কোটি তৰাক
সুধিলে তুমি
মোৰ বতৰা দিব তোমাক বিৱৰি

মই নথকাৰ অনুভৱ
যিদিনা হ'ব তোমাৰ
সিদিনা অশ্ৰু নিগৰিবনে কোৱা
Newest Older

Related Posts

There is no other posts in this category.